Pritire Xubaxe Lyrics | Zubeen Garg

Published on March 23, 2020

Song: Pritire Xubaxe (প্ৰীতিৰ সুবাসে)

Lyricist: Renu Sharma

Singer : Zubeen Garg

Pritire Xubaxe Lyrics
Pritire Xubaxe Lyrics

Pritire Xubaxe Lyrics:–

প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি 
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন…

দুচকু তুলি চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা 
দুচকু তুলি চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা
আকাশত দেখোঁ শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোঁ শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন…

শত ৰজনীৰ এন্ধাৰ আঁতৰি গ’ল
সুন্দৰৰে ৰঙৰ ফাকুৰে
জীৱন ৰাঙলী হ’ল
আকাশত দেখোন
শাৰদী জোনাক
নামিছে অলকানন্দা
আকাশত দেখোন
শাৰদী জোনাক
নামিছে অলকানন্দা
পাহৰা গীতৰ সুৰে আহি 
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
পাহৰা গীতৰ সুৰে আহি
পাহৰা গীতৰ সুৰে আহি
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি…