Assamese Lyrics
Kinu Pokhiye Lyrics | Bhupen Hazarika
Song: Kinu Pokhiye (কিনো পখীয়ে)
Singer: Bhupen Hazarika
Kinu Pokhiye Lyrics:—
কিনো পখীয়ে পুৱতি গালে
নিচিনিলোঁ তাৰ মাত
নিচিনিলোঁ তাৰ. মাত
নিশা হ’ল পৰভাত
নিশা হ’ল পৰভাত
সাৰ পাই উঠি
খিৰিকি মেলি
চালোঁ বাহিৰখন
সাৰ পাই উঠি
খিৰিকি মেলি
চালোঁ বাহিৰখন
কি সুন্দৰ ধৱলি বৰণ
কি সুন্দৰ ধৱলি বৰণ
চমকি উঠিলে মন
চমকি উঠিলে মন
নেজানো আজি
কোন দেৱতাই
আনিলে এই শুভ দিন
নেজানো আজি
কোন দেৱতাই
আনিলে এই শুভ দিন
দেহৰ মনৰ
এলাহ জড়তা
দেহৰ মনৰ
এলাহ জড়তা
সকলো হ’ল বিলিন
সকলো হ’ল বিলিন
কিনো পখীয়ে পুৱতি গালে
নিচিনিলোঁ তাৰ মাত
নিচিনিলোঁ তাৰ. মাত
নিশা হ’ল পৰভাত
নিশা হ’ল পৰভাত
