Pratidhwani Shunu Lyrics | Bhupen Hazarika

Published on March 19, 2020

Song: Pratidhwani Shunu (প্ৰতিধ্বনি শুনো)

Singer: Bhupen Hazarika

Pratidhwani Shunu Lyrics
Pratidhwani Shunu Lyrics

Pratidhwani Shunu Lyrics:—

প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

কাণ পাতি শুনো মই বুজিব নোৱাৰো
চকু মেলি চাওঁ মই মনিব নোৱাৰো
চকু মুদি ভাবো মই ধৰিব নোৱাৰো
হেজাৰ পাহাৰ মই বগাব নেজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

হ’ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা
হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা
হ’ব পাৰে কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নেজানো
নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো |

শেষ হ’ল কোনো গাভৰুৰ শোক ভৰা কথা
শেষ হ’ল কোনো আইতাৰ নিশাৰ সাধু কথা
শেষ হ’ল কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা
চিনা চিনা সুৰটিক চিনিব নাজানো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো |

মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে
চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে
জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে
তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাগি পৰে
মানৱ সাগৰত কোলাহল শুনো
নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো
প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো|