Moi Jetiya Ei Jibonor Lyrics | Bhupen Hazarika

Published on March 17, 2020

Song: Moi Jetai Ei Jibonor


Singer: Bhupen Hazarika

Moi Jetiya Ei Jibonor Lyrics
Moi Jetiya Ei Jibonor Lyrics

Moi Jetiya Ei Jibonor Lyrics:–


মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সহাঁৰি পাম 
নালাগে মোৰ সোঁৱৰণী সভা
নালাগে মিছা নাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
সমুহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গ’লোঁ
সেয়েহে হ’বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ
এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
মোৰ জীৱনৰ সংগ্ৰামখিনি
মই ফহিয়াই চালে পাম
মোৰ জীৱনৰ সংগ্ৰামখিনি
মই ফহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম
এই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলোঁ পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম