Ejak Borokhune Muk Lyrics | Zubeen Garg

Published on March 15, 2020

Title: Jantra

Album: Jantra

Artist: Zubeen Garg

Music: Zubeen Garg

Year: 2004

Ejak Borokhune Muk Lyrics
Ejak Borokhune Muk Lyrics

Ejak Borokhune Muk Lyrics:–

এজাক বৰষুণে মোক ধুই থৈ গ’ল
এজাক সুবাসে মোক চুই থৈ গ’ল
কোমল কোমল
তোমাৰ ওঠৰ পৰসে
চজল চজল
তোমাৰ চকুৰ মৰমে পাগল পাগল
পাগল পাগল কৰি গ’ল
এতিয়া ক’লৈ যাওঁ
তোমাকে ক’তেনো পাওঁ
শুকান শুকান
শুকান শুকান মাটিলে
নিজান নিজান
নিজান নিজান পথতে
অভিনব তোমাৰ অনুভৱ
নিলিম নিলিম নিলিম নিলিম আশাতে
অসীম অসীম
অসীম অসীম সপোনতে
সপোন যেন দিঠক
অচিন অচিন
অচিন অচিন তোমাৰ মিথা কথাতে
সেউজ সেউজ তোমাৰ হিয়াৰ ভাষাতে
ক্লান্তিও যেন সুলভ
থুনুক থুনুক তোমাৰ ওঠৰ শব্দে 
ৰুনুক জুনক নুপুৰ বজাই হিয়াতে
দিয়া কি গীত সুৰৰ
এজাক বৰষুণে মোক ধুই থৈ গ’ল
এজাক সুবাসে মোক চুই থৈ গ’ল
পুৱাল পুৱাল
পুৱাল পুৱাল হিয়াকে 
চুব দিয়া চুব দিয়া মোকে
অন্ধ মই প্ৰেমতে
উগুল থুগুল
উগুল থুগুল ভাষাতে
কৰুণ কৰুণ
কৰুণ কৰুণ আশাতে 
তৃপ্ত তোমাৰ মন অনুভৱ
আকাশ বতাহ কপাই দিয়া প্ৰেমেৰে
হৃদয় উজাৰ কৰি দিয়া গানেৰে
নিগৰাই সুৰৰ উচব টোপাল টোপাল
টোপাল টোপাল মৰমে
উমাল উমাল পৰশে
জোকাৰক হৃদয়ৰ শব্দে..
এজাক বৰষুণে মোক ধুই থৈ গ’ল
এজাক সুবাসে মোক চুই থৈ গ’ল…