Dilit Bharotor Akhar Pratik Lyrics | Bhupen Hazarika

Published on March 11, 2020

Song: Dilit Bharotor Akhar Pratik (দিলিত ভাৰতৰ আশাৰ প্ৰতীক)

Singer: Bhupen Hazarika

Dilit Bharotor Akhar Pratik Lyrics
Dilit Bharotor Akhar Pratik Lyrics

Dilit Bharotor Akhar Pratik Lyrics:—

দিলিত ভাৰতৰ আশাৰ প্ৰতীক
জয় মহাত্মা গান্ধী
মোহন ৰূপেৰে জগত মুহিলাঁ
প্ৰেমৰ ডোলেৰে বান্ধি।

সৰ্বধৰ্মৰেই অৰ্থ বুজিলাঁ
বিশ্ব প্ৰেমেৰেই মথি
মানৱতাৰ জ্যোতি মহান
প্ৰচাৰি অমৃত বাণী।

অৰ্ধাহাৰী কৃষক ৰূপেৰে
কিঞ্চিৎ বস্ত্ৰধাৰী
শান্ত সৌম্য ক্ষীণ দধীচি
কাম-ক্ৰোধ-লোভ ত্যাগি
অকলশৰে বন্তি জ্বলালোঁ
দুখৰ এন্ধাৰ নাশি।