Assamese Lyrics
Xarodi Rani Lyrics | Bhupen Hazarika
Song: Xarodi Rani (শাৰদী ৰাণী)
Singer: Bhupen Hazarika
![]() |
| Xarodi Rani Lyrics |
Xarodi Rani Lyrics:–
শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতী নিশাৰ সপোন
শুভ্রনীলা ওৰণিখনি
কুঁৱলী সূতাৰে বোৱা
পাতল ৰিহাখনি
থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ
কপাহ মেঘৰ অহা যোৱা
সেউজী ঘাঁহৰ হিমানী
সোণালী ৰ’দ,শৰালিৰে জাক
তুমিয়েই আনিলা কিজানি
শেৱালি কোমল হাঁহিটি মাৰি
কৰাহি সাজোন কাচোন ।
