Biswa Xobhat Lyrics | Jyoti Prasad Agarwala

Published on March 10, 2020

Song: Biswa Xobhat (বিশ্ব সভাত)

Singer: Jyoti Prasad Agarwala

Biswa Xobhat Lyrics
Biswa Xobhat Lyrics

Biswa Xobhat Lyrics:–

বিশ্ব সভাত 

গান গাবলৈ 
কোন যাবি কোন যাবি
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি ৷


খোপাতে তই পিন্ধি লবি

নতুন আমৰ মল
মাটিৰ ঘটত ভৰি লবি
সেৱাতীৰ্থ জল


বুকুতে তই লবি আঁৰি

নতুন ফুলৰ সাতেসৰী
নতুন ভাবৰ
বাখৰপতা


জোনবিৰি তই পিন্ধি

নতুন আশাৰ
অগ্নি ভাষাৰ
গান শুনাবি ৷
জন পূজাৰ
মনৰ কাজল পিন্ধি আহিবি৷৷