Assamese Lyrics
Ki Je Tumar Hongo Priya Lyrics | Bhupen Hazarika
Song: Ki Je Tumar Hongo Priya (কি যে তোমাৰ সংগ প্ৰিয়া)
Singer: Bhupen Hazarika
![]() |
| Ki Je Tumar Hongo Priya Lyrics |
Ki Je Tumar Hongo Priya Lyrics:—
কি যে তোমাৰ সংগ প্ৰিয়া
মিঠা তোমাৰ সংগ,
তোমাৰ অংগ জ্বলন্ত জুই
মই যে পতংগ ।
জীৱনৰ ৰস যিমান
তৃষ্ণাও বাঢ়ে সিমান
এই নিশা নেলাগে সোণ
কথাৰ প্ৰসংগ ।।
তোমাৰ অংগ জ্বলন্ত জুই
মই যে পতংগ ।।
কি যে তোমাৰ সংগ প্ৰিয়া
মিঠা তোমাৰ সংগ ।।
মনে মনে অহা যোৱা
তাৰে নাম ভালপোৱা
আকাশে বজালে শুনা
মিঠা জলতৰংগ ।
সমাজৰ নীতি-নিয়ম
ভঙাটোও নতুন নিয়ম,
আজি নিশা নেযাবা সোণ
কৰি মোক নিঃসংগ
তোমাৰ অংগ জ্বলন্ত জুই
মই যে পতংগ ।।
কি যে তোমাৰ সংগ প্ৰিয়া
মিঠা তোমাৰ সংগ ।।
