Mahabahu Brahmaputra Lyrics | মহাবাহু ব্ৰহ্মপুত্ৰ | Bhupen Hazarika

Published on February 9, 2020

Song: Mahabahu Brahmaputra (মহাবাহু ব্ৰহ্মপুত্ৰ)

Singer: Bhupen Hazarika

Mahabahu Brahmaputra Lyrics

Mahabahu Brahmaputra Lyrics:—

স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ

ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো

এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি

মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ

কতযুগ ধৰি আহিছে প্ৰকাশী

সমন্বয়ৰ অৰ্থ….
মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কতযুগ ধৰি আহিছে প্ৰকাশী
সমন্বয়ৰ অৰ্থ….
মহাবাহু ব্ৰহ্মপুত্ৰ….

সুদূৰ কাণ্য ভোগজৰে পৰা

বাৰভূঞাঁ আহিছিলে,

সেই বংশতে শংকৰদেউ
ইয়াতে জনমিলে,
মৰুৰ দেশৰে আজান ফকিৰে
মধুৰ জিকিৰ ৰচিলে,
দিল্লীৰ দিলৱাৰে আহি
অষ্টিপুথি আঁকিলে,
পঞ্চনদীৰ টেগবাহাদুৰে
ধৰমৰ সেতু গঢ়িলে,
সমন্বয়ৰ দেখুৱালে কত
প্ৰকাশ স্বতস্ফুৰ্ত,
মহাবাহু ব্ৰহ্মপুত্ৰ….

দূৰৰ লাচিতে শৰাইঘাটতে

শতৰু আগচিলে,

জাতি-ধৰ্ম-ভাষা সবাকে
স্বদেশ প্ৰেমেৰে বান্ধিলে,
কিৰাত পুত্ৰ বিঞ্চুৰাভাই
মাটিত বৃষ্টি দিয়ালে,
সমন্বয়ৰ দেখুৱালে কত
প্ৰকাশ স্বতস্ফুৰ্ত,
মহাবাহু ব্ৰহ্মপুত্ৰ….

পত্তা নদীৰ….

পত্তা নদীৰ ধুমুহাত পৰি

কত শতজন আহিলে,
লুইতৰ দুয়ো পাৰে কতনা
অতিথি আদৰিলে,
কিছু ল’ব লাগে কিছু দিব লাগে
দিন যাবলে হ’লে,
মিলিব লাগে মিলাব লাগে
ৰবীন্দ্ৰনাথেও ক’লে,
অগ্ৰৱাল জ্যোতিয়ে ইয়াতে
জ্যোতিৰ প্ৰপাত বোৱালে,
অজীন পাতকী খবৰ চক্ৰ
জ্যোতিৰে কৰি ব্যৰ্থ,
মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কতযুগ ধৰি আহিছে প্ৰকাশী
সমন্বয়ৰ অৰ্থ….
মহাবাহু ব্ৰহ্মপুত্ৰ….