Mon Pokhila Lyrics (মন পখিলা)

Published on March 25, 2021

Song: Mon Pokhila

Singer: Kussum Kailash, Nilakshi Neog & Jogat Maahish

Mon Pokhila Lyrics

অ’ মন উৰা বতৰ এয়া ঐ

উতনুৱা ফাগুন এয়া ঐ

অ’ যৌৱনৰ প্ৰেম ফুলনিৰে ঐ

অ’ তইয়ে মন পখিলা জনী ঐ।

গুমগুমনি ঢোলৰ মাত

বসন্তৰে জাননী

ফুলে ফুলে বলিয়া 

ৰচকী ঐ পখিলী। (২)

মই বলিয়া তোৰ জাননে

লাজুকী হাঁহিটিত

মৰমে নচুৱাম জানিবি

ঢোলৰে বুলনিত

কেতিয়াকৈ সাজি-কাচি আহিবি

কেতিয়াকৈ মুগা ৰিহা পিন্ধিবি

কেতিয়াকৈ মৰম লগাই নাচিবি লগত

AssameseLyrical.com

গুণ-গুণনি ভোমৰা

ফুলে ফুলে ধেমালি

বন কেতেকি বলিয়া

বহাগীৰ পাই বাতৰি । (২)

মই বলিয়া তোৰ মৰমৰ

পাবলে সঁহাৰি

কবলৈ নাপাওঁ তোক কাষৰত

থাকগৈ দূৰণিত

কেতিয়াকৈ মৰমবোৰ যাচিবি

কেতিয়াকৈ কাষলৈ আহিবি

কেতিয়াকৈ নাচিমে তোৰ ঢোলৰ চেওঁতে

বিচুৰ ইগাবা দেওচি ঐ

বিচুৰে দাগাবা দেওচি ঐ

বিচু ছালে ইগাবা দেওচি ঐ… জা

লাকিয়া বিচুনা দেওচি ঐ

লেহংনা কেৰন্ত দেওচি ঐ

আৰেক নিমান জানু দেওচি ঐ… জৌ

ৰঙচঙীয়া নাছনী

তোকে চাই মই বলিয়া

মোৰ কলিজাৰ চালনীত

তইয়ে বাচকবনীয়া। (২)

ঐ সোণসেৰীয়া তোৰ দুহাতত

জেতুকা বোলাবি

কলডিলীয়া তোৰ খোপাতে

কপৌফুল গুজিবি

কেতিয়াকৈ বিহুলে আহিবি

কেতিয়াকৈ বিহুৱান আনিবি

কেতিয়াকৈ নিজৰ বুলি যাঁচিবি মোক

খিত্-খিতনি তাঁতৰ শাল

যতৰতে মহুৰা

মই বাঁচিছো ফুলামকৈ

তোলৈ বুলি গামোচা। (২)

তোকে নো হেঁপাহত

হিয়া জৰুৱা মৰম লৈ

থাকিবি কাষৰত

গিৰিংকৈ চাপৰিটি মাৰিবি

তিহিতিকৈ পেপাটি বজাবি

পখিলা হৈ উৰিদি উৰি

নাচিম তোৰে লগত।

পখিলা হৈ উৰিদি উৰি

নাচিম তোৰে লগত ।