Noie Noie Oinitom Lyrics

Published on January 24, 2021


Song: Noie Noie Oinitom

Singers: Vreegu Kashyap & Barnali Kalita

Noie Noie Oinitom Lyrics


 কলিজাত সুহুৰি বাজিছে লাহেকৈ

লিহিৰি লিহিৰি কোনেও নজনাকৈ

আজি ৰ’বলে দিয়ানা

চকুতে চকু থোৱানা

উৰুৱাইলৈ যোৱানা ফাগুনলৈ…

নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত

 নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত

চুই চাওঁ চুই চাওঁ তোমাক

লাজে দিয়েহি বাধা

কোনো নাই যে কতো

কিয়নো লাজ মাতা

পলাশো ফুলিছে আজি

প্ৰণয়ো উঠিছে নামি

বলানা যাওঁ বলানা ফাগুনলৈ…

নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত

নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত

AssameseLyrical.com

মেঘালী চুলিৰে বলিয়া কিয় কৰা

থকিবাটো হিয়া জিলিকা তুমি তৰা

অ’ মেঘালী চুলিৰে বলিয়া কিয় কৰা

থকিবাটো হিয়া জিলিকা তুমি তৰা

কাষলে তুমি অহানা

এধানি মোক মাতানা

নেথাকিও কোনো দূৰ ফাগুনলৈ…

নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত

নৈয়ে নৈয়ে ঐনিতম এটি

শুনিছো তোমাৰ মাতত

দূৰে দূৰে থাকিব নোৱাৰি

তোমাক লাগে কাষৰত