Bora Saulor Jolpan Lyrics

Published on January 20, 2021

Song: Bora Saulor Jolpan

Singer: Akash Pritom

Bora Saulor Jolpan Lyrics

 বৰা চাউলৰ জলপান

দেখি লাগে খাং খাং

লগতে গুৰ-গাখীৰ লৈ

অ তোৰ যিহে চেহেৰা

দেখি লাগে যাং যাং

তোৰে ঘৰৰ জোৱাই হবলৈ  (২)

সুৰুকি ঐ সুৰুকি

বুকুতে মোৰ সোমালি

ঘামে তিতা দেহাতি

নাচালেও চোন নোৱাৰি

নপতিলেও পতাই চাম

নুবুজিলেও বুজাই চাম

বেয়া পালেও পাবি মোক

ইমানতো যদি তোক 

ঘৰৰ পৰা নিদিয়ে

পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান

দেখি লাগে খাং খাং

লগতে গুৰ-গাখীৰ লৈ

অ তোৰ যিহে চেহেৰা

দেখি লাগে যাং যাং

তোৰে ঘৰৰ জোৱাই হবলৈ 

AssameseLyrical.com

অ জেংৰে কেৰেলা খালেহে বুজিবি

মুখত কেনেকুৱা লাগে

যৌৱনত মাজনি প্ৰেমত পৰি চাবি

কেনেকুৱা মজা আছে । (২)

মিচিকি ঐ মিচিকি হাঁহিটিৰে বিন্ধিলি

কলিজাখন কৰিলি চাউল চলা চালনী 

নপতিলেও পতাই চাম

নুবুজিলেও বুজাই চাম

বেয়া পালেও পাবি মোক

ইমানতো যদি তোক 

ঘৰৰ পৰা নিদিয়ে

পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান

দেখি লাগে খাং খাং

লগতে গুৰ-গাখীৰ লৈ

অ তোৰ যিহে চেহেৰা

দেখি লাগে যাং যাং

তোৰে ঘৰৰ জোৱাই হবলৈ ।

অ মইনা কলিজা বুলি মাতিলে

বেয়া পাবি নে কি

ঢুকি তামোল গুচি পাণেৰে

পেলাম তোপোলা টি । (২)

সেচুকি ঐ সেচুকি

কিহে মৰম যাচিলি

নিদিও তোক যাবলৈ

মোৰে সপোন গোচকি 

নপতিলেও পতাই চাম

নুবুজিলেও বুজাই চাম

বেয়া পালেও পাবি মোক

ইমানতো যদি তোক 

ঘৰৰ পৰা নিদিয়ে

পলুৱাই লৈ যাম এ…

বৰা চাউলৰ জলপান

দেখি লাগে খাং খাং

লগতে গুৰ-গাখীৰ লৈ

অ তোৰ যিহে চেহেৰা

দেখি লাগে যাং যাং

তোৰে ঘৰৰ জোৱাই হবলৈ ।