Assamese Lyrics
Tumar Umaal Moromor Lohorot Lyrics
Song: Tumar Umaal Moromor Lohorot
Singer: Zubeen Garg
Tumar Umaal Moromor Lohorot Lyrics
তোমাৰ উমাল মৰমৰ লহৰত
উজানত উটিছে উৰুখা মন
উজলি উপচিছে উথলি উঠিছে
বিয়পি বিয়পি মৰমৰ জোৱাৰত
বুৰিব ধৰিছে
উৱঁলি যোৱা মোৰ হৃদয়খন।
এনে লাগে যেন সজল আজলী
লাৱনি চাৱনি তোমাৰ
নিমিষতে জুমি জোনাক জুৰিছে
হিয়াৰ এন্ধাৰ আঁউষী
জুৰুলি-জুপুৰি তোমাৰ চাৱনিত
বিভোৰ মগন
মই আজীৱন
AssameseLyrical.com
এনে লাগে যেন মৰমী মায়াবী
প্ৰীতি পৰশন তোমাৰ
চেনেহ চুমি সেউজ সিঁচি
তৃষাত আতুৰ বাকৰি
গলিছে পমিছে তোমাৰ পৰশত
মুগুধ মুগুধ
মই আমৰন।
তোমাৰ উমাল মৰমৰ লহৰত
উজানত উটিছে উৰুখা মন
উজলি উপচিছে উথলি উঠিছে
বিয়পি বিয়পি মৰমৰ জোৱাৰত
বুৰিব ধৰিছে
উৱঁলি যোৱা মোৰ হৃদয়খন।
