Jaboloi Khojote Lyrics

Published on December 14, 2020

Jaboloi Khojote Lyrics



Song: Jaboloi Khojote

Singer: Zubeen Garg

Album: Unmona Mon 


Jaboloi Khojote Lyrics

 যাবলৈ খোজোতেই থ’মকিব দুভৰি

ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি

চিনাকি চিনাকি দুদিনৰ চিনাকি

আতৰি গ’লেগৈ হ’ব যে অচিনাকি

যাবলৈ নিদিবা ৰাখিবা ধৰি

যাবলৈ খোজোতেই থমকিব দুভৰি

ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি

AssameseLyrical.com

কোনে বাৰু মোক মৰম দিলে

উকা হিয়া মোৰ ভৰাই থলে

ইমান দিনে আছিলে অকলে

আপোন বুলি মোক ভাবিলে কোনে

দিব পাৰে মোক মৰম কিজানি

তাকেই ভাবি ম‍ই ললো সাৱতি

যাবলৈ নিদিবা কাষৰতে ৰাখিবা

আপোন বুলি তুমি যাকেই ভাবি ল’লা

আতৰি গ’লেগৈ উভতি নাহে

মৰম জৰি যেতিয়া চিঙে

কোমল কলিজা উচুপি কান্দে

আপোন বুলি ভাবো ম‍ই যাকে

তেৱেই আহি মোৰ হিয়া ভাঙে

দিব খুজিও দিব নোৱাৰো

গোপনে মৰম সাৱতি ৰাখো

ফুলিব খোজোতে মোহাৰি নেপেলাবা

হাহিব খোজোতেই আহি দুখ নিদিবা

যাবলৈ নিদিবা ৰাখিবা ধৰি