Manar Nijanat Lyrics ( মনৰ নিজানত )

Published on December 13, 2020

Song: Manar Nijanat
Album: Anamika
Singer: Zubeen Garg

Manar Nijanat  Lyrics


মনৰ নিজানত জোনাক আছিলে

তোমাৰ মৰমৰ সুবাশ সানি লৈ

হঠাতে সুকালে পোহৰৰ ফুলনি

নিলিমাৰ মাজতো নাথাকা যে তুমি

নাহিবা বেদনা হৈ বুকু ভৰা

AssameseLyrical.com

মনৰ নিজানত জোনাক আছিলে

তোমাৰ মৰমৰ সুবাশ সানি লৈ…

হৃদয়ে আবেগক নোৱাৰে সহিব

চকুলো বাগৰে নিৰৱে

কিমান সাৱতিম নোপোৱাৰ সপোন

বুকুৰ উমেৰে সজোৱাই

দুখৰ তৰা হৈ

নাচাবা চকুলে মোৰ

ওৰে নিশা

মনৰ নিজানত জোনাক আছিলে

তোমাৰ মৰমৰ সুবাশ সানি লৈ…

জীৱন সুৰভি তোমাৰ মাজতে

আছিলে অকলে নিৰৱে

সচা প্ৰেমৰো উশাহ আছিলে

অকলশৰিয়া বুকুতে

মৰুভুৰ মায়া হৈ

নাহিবা বুকুলে মোৰ

মিচাকৈয়ে

মনৰ নিজানত জোনাক আছিলে

তোমাৰ মৰমৰ সুবাশ সানি লৈ…