Pakhi Pakhi Ei Mon Lyrics

Published on December 11, 2020

Pakhi Pakhi Ei Mon Lyrics




Song: Pakhi Pakhi Ei Mon

Singer: Zubeen Garg

Album: Pakhi 

Pakhi Pakhi Ei Mon Lyrics

পাখি পাখি এই মন

পাখি লগা মোৰ মন,

পাখি মেলি যা উৰি

উৰি, পাখি মেলি যা উৰি…..

জাকি মাৰি গৈ নাম

এৰি অহা পদূলি,

বুটলি আন ল’ৰালি

উৰি, পাখি মেলি যা উৰি…..

দেউতাৰ হাঁহিৰে

আইৰ স’তে উমলি,

ৰ’দে বৰষুণে ধেমালী

আজৰি সেই আবেলি,

উৰি, পাখি মেলি যা উৰি…..

দোকমোকালিৰ মোৰ পঢ়াশালি

ইংৰাজী-অংক তপিনাত এচাৰি,

খিৰিকিৰ ফাঁকেৰে মুকুতিৰ আবেলি

ঘৰলৈ উভটি

খেলা মৰা-মৰি,

দেউতাৰ ৰঙা চকু

একে কোবে মাৰ বুকু,

পঢ়া টেবুলত

ভাগৰত টোপনি,

আইৰ নিচুকণি,

মৰমৰ বুলনি;

পাখি পাখি এই মন

পাখি লগা মোৰ মন,

পাখি মেলি যা উৰি…..

উৰি, পাখি মেলি যা উৰি;

জোনমনি ৰুণ্ জুণ্

তেতিয়া চকুত জোন,

নিভাঁজ আবেগৰ

টোপাটোপে সৰা সোণ,

সাঁতুৰি নাদুৰি

এটি এটি ৰাতি দিন,

খেলা লুকা-চুৰি

নিজকে বিছাৰো সোণ

ৰঙা-নীলা চিলা,

উৰি উৰি মনে খেলা

এতিয়া কবিতা গানৰে শলিতা

অকলে বুকুতেচকুলো বুটলি…..

AssameseLyrical.com

পাখি পাখি এই মন

পাখি লগা মোৰ মন

পাখি মেলি যা উৰি,

উৰি, পাখি মেলি যা উৰি…..

জাকি মাৰি গৈ নাম

এৰি অহা পদূলি,

বুটলি আন ল’ৰালি,

উৰি, পাখি মেলি যা উৰি…..

দেউতাৰ হাঁহিৰে

আইৰ স’তে উমলি,

ৰ’দে বৰষুণে ধেমালী

আজৰি সেই আবেলি,

উৰি, পাখি মেলি যা উৰি…..৷