Dhulikona Lyrics

Published on December 2, 2020

Dhulikona Lyrics



Song: Dhulikona 

Singer: Zubeen Garg, Zublee, Panchana Rabha

Music Composer : Zubeen Garg

Movie: Kanchanjangha 


Dhulikona Lyrics

ধুলিকনা… অঘৰী  কবিতা 

উন্মনা… বিচাৰি ঠিকনা

ধুলিকনা… বাউলি কনিকা 

উন্মনা… চিনাকি পখিলা 

ডাকোৱাল বতাহে জুলুঙা  যায় জোকাৰি 

পাহোৱাল পাহাৰো বগুৱা বাই আউঁসী

যাযাবৰ পৰশে মোহনা পায় সাঁতুৰি

জীৱ্নৰ জাহাজে জেতুকা লয় ৰাঙলী

ধুলিকনা… অঘৰী কবিতা 

উন্মনা… বিচাৰি ঠিকনা 

AssameseLyrical.com

জোনাকৰ নীলা ওঁঠৰে 

বননীৰ বেহা চুমিলে 

মিঠা লাগে দুচকুতে …

এটোপাল চেঁচা নিয়ঁৰে 

জননীৰ হিয়া দহিলে 

তৃষা জাগে শিৰে শিৰে 

আঘাতৰ নিমাত চিঞৰে 

উশাহৰ মিচিল শবতে 

ঘনে ঘনে …

ডাকোৱাল বতাহে জুলুঙা যায় জোকাৰি 

পাহোৱাল পাহাৰো বগুৱা বাই আউঁসী 

যাযাবৰ পৰশে মোহনা পাই সাঁতুৰি

জীৱনৰ জাহাজে জেতুকা লয় ৰ 

ধুলিকনা … অঘৰী কবিতা

উন্মনা… বিচাৰি ঠিকনা 

ডাঁৱৰৰ বগা কঁপাহে

বাৰিষাৰ চোলা পিন্ধিলে 

টোপাটোপে ঘাম সৰে

ভাগৰৰ চহা খেতিতে 

আঘোনৰ জীয়া ফচলে 

ঠুকাঠুকে হাহি মাৰে 

নিয়তিৰ নিজান নিয়মে

শিহঁৰন জগায় তেজতে 

বাৰে বাৰে…

ডাকোৱাল বতাহে জুলুঙা  যায় জোকাৰি 

পাহোৱাল পাহাৰো বগুৱা বাই আউঁসী  

যাযাবৰ পৰশে মোহনা পায় সাঁতুৰি 

জীৱ্নৰ জাহাজে জেতুকা লয় ৰাঙলী 

ধুলিকনা … বাউলি কনিকা 

উন্মনা …