O Nobou O Lyrics

Published on November 22, 2020
O Nobou O Lyrics



Song: O Nobou O

Singer: Zubeen Garg

Album: HiyaMon

O Nobou O Lyrics


অ’ নবৌ  অ’

মোলৈ এজনী ছোৱালী চালিনে নাই…….(2X)

কঁকাল খামুচীয়া 

লিহিৰি কঢীয়া

কঁকাল  খামুচীয়া

লিহিৰি কঢীয়া

বগিকৈ ধুনীয়া চাই  

অ’ নবৌ মোলৈ বাৰু তই

এজনী ছোৱালী চালিনে নাই 

অ’নবৌ অ’

মোলৈ এজনী ছোৱালী চালিনে নাই.

পঢ়িলো শুনিলো চাকৰি নাপালো 

এতিয়া কি কৰো ক’

গাঁৱ্ত পৰি আছে মাটি তিনি পোৰা

খেতিতে ধৰো নি ক’……..(2X)

নাঙলৰ মুঠিতে কিমান শকতি

আজি বুজি পালো মই

খেতিত ধৰিলেও কঠীয়া ৰুবলৈ 

ঘৰতনো কোন আছে ক’

অ’ নবৌ অ’

মোলৈ এজনী ছোৱালী চালিনে নাই…..(2X)

AssameseLyrical.com

লগৰে ল’ৰাবোৰ বাপেকী হৈ গ’ল 

তই দেখিছ্নে নাই

গাঁৱৰে জিয়াৰী বোৱাৰী হৈ গ’ল 

খবৰ ৰাখিছনে নাই…….(2X)

কুজাই  আনে কুজি

কনাই আনে কানি 

মোলৈ জানো কোনো নাই

গাঁৱৰে এজনী গোটাই তই নিদিলে 

মৰিলেও কন্দোতা নাই

অ’নবৌ অ’

মোলৈ  এজনী ছোৱালী চালিনে নাই……(2X)

কঁকাল খামুচীয়া

লিহিৰি কঢীয়া…….(2X)

বগীকৈ ধুনীয়া চাই 

অ’ নবৌ মোলৈ বাৰু তই

এজনী ছোৱালী চালিনে নাই

অ’ নবৌ অ’

মোলৈ এজনী  ছোৱালী চালিনে নাই…….(3X)