Bukute Buku Khon Lyrics

Published on November 16, 2020
Bukute Buku Khon Lyrics

Song: Bukute Buku Khon 

Singer: Zubeen Garg

Album: Mukha

Bukute Buku Khon Lyrics

 বুকুতে বুকু খন  থৈ কোনে নো কান্দে

শদিয়াৰ কোলাতে বহি

ৰাঙলী ৰঙদৈ আধৰুৱা প্ৰেমৰ কথা

বান্ধৈ এইবাৰ শুন আহি

শদিয়া সাৱটি ঘূৰা লুইতৰে পাৰত

সময়ে  থৈছিলে   লিখি

AssameseLyrical.com

বুকুতে বুকু খন  থৈ কোনে নো কান্দে

  শদিয়াৰ  কোলাতে বহি……

ৰঙদৈ আছিলি মাছুৱৈ

লুইতৰ পাৰৰে ডেকা তই

চৰাকৈ জাতৰে ৰাঙলীক

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শত্ৰু এই  সমাজে

মিলিবলে নিদিছিলে এই মাতিতে  

আপোনি চিতাতে  জ্বলিছে ৰঙদৈ

ৰাঙলীক লুইতৰ কৰি থৈ

বুকুতে বুকু খন থৈ কোনে নো কান্দে

শদিয়াৰ কোলাতে বহি……….

সেয়া দুৰ কোনোবা পুৰনি

ইতিহাষৰে পাত লুটিয়াও

প্ৰেমৰ অনুপম উপমা

দেখি আবেগত উজতি খাও

হয়তো বাআকাশে থাই দিছে

সৰগত দুয়োতাৰে মন মিলিছে

আহিলে আহা মোৰ সতে শদিয়া লৈ যাও

ৰঙদৈ ৰাঙলীৰ সমাধি চাও

বুকুতে বুকু খন থৈ কোনে নো কান্দে

শদিয়াৰ কোলাতে বহি

ৰাঙলী ৰঙদৈৰ আধোৰোৱা প্ৰেমৰ কথা

বান্ধৈ  এবাৰ শুন আহি