Sekuri Sekuri Lyrics

Published on November 13, 2020

Sekuri Sekuri Lyrics



Song: Sekuri Sekuri

Singer: Neel Akash and Priyanka Kalita

 Lyrics: Chinmoy Kaushik & Joy Nirvan

Sekuri Sekuri lyrics

তিতিকি তিতা মাত

শুনিলে গুছে ভোক

কিয়নো মিছাতে

খং কৰি আছা মোক

কোমলকৈ কলিজাত

শোকে খুন্দা মাৰে

গুজিবলৈ মূৰটি

দুবাহু বিচাৰে

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম

ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম

AssameseLyrical.com

মোৰ জান ঐ

মোৰ জান ঐ

জান ঐ

তোমাৰ কপালতে

আকিলোঁ এটি জোন

ৰাখিম তোমাক কাষতে

তুমিয়েই মোৰ সোণ

ৰ’দ বৰষুণ

পৰিলে তোমাৰ গাত

তোমাক সাবটি ল’ম

হিয়া পৰিব শাঁত

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম

ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম

পৰি গ’লে ধৰিবা

মৰম অকণ কৰিবা

এনেয়ে নকৰিবাচোন অভিমান

কাষে চাপি আহিছোঁ

চকুলে চাই হাঁহিছোঁ

দিয়া এষাৰি মাত জান ঐ জান

হেঁপাহ মোৰ নপলাই

দুচকু ভৰি চাম

তুমি হাঁহি দিলেই

মৰিও জী উঠি যাম

জীৱনৰ সন্ধিয়াত

সাৰথি তোমাৰ হ’ম

কোলাতে মূৰটি থৈ

মই জীৰণী ল’ম

চেকুৰি চেকুৰি তোমাৰ কাষৰলে যাম

ফেকুৰি ফেকুৰি মৰম বিচাৰিলেই পাম