Bukure Kothabur Lyrics By Zubeen Garg & Sumi Kakati

Published on August 6, 2020

Song: Bukure Kothabur

Singer: Zubeen Garg & Sumi Kakati

Lyrics: Chandan Kakati

Bukure Kothabur Lyrics
Bukure Kothabur Lyrics
বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ
এনেই লাগে তুমিয়ে আপোন
এ সাগৰ ভাৱনাই শুবলে নিদিয়ে
দেখিছোঁ দিনতে সপোন
তুমি মোৰ আকাশী জোন
উলাহে নধৰে চোন
ৰলাহী বুকুতে সোণ
তুমি মোৰ কোন
জানানে কোন

অ… বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ
এনেই লাগে তুমিয়ে আপোন
এ সাগৰ ভাৱনাই শুবলে নিদিয়ে
দেখিছোঁ দিনতে সপোন

(Music)…
মিচিকিয়া হাঁহিৰে জিলিকি উঠিছা
যেন তুমি এপাহী ফুল ঐ
কাষে চাপি গলেও কঁপে বুকু কিয়
বাৰে বাৰে হব খোজে ভূল
সঁচাকৈ এ জানো তুমি মোকে ভাবিছা
কুমলীয়া হিয়াৰে কোঠালিতে সযতনে
মোক ৰাখিছা
জানো মোক ৰাখিছা

অ… বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ
এনেই লাগে তুমিয়ে আপোন
এ সাগৰ ভাৱনাই শুবলে নিদিয়ে
দেখিছোঁ দিনতে সপোন
কম কম বুলি ভাবি কোৱাই নহল একো
লাগে কিয় তোমালে ভয়
এবুকু মৰমৰে আছোঁ সপোন গনি
সমিধান অ তোমাতেই ৰৈ
সঁচাকৈ এ জানো তুমি মোকে ভাবিছা
কুমলীয়া হিয়াৰে কোঠালিতে সযতনে
মোক ৰাখিছা
জানো মোক ৰাখিছা
অ… বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ
এনেই লাগে তুমিয়ে আপোন
তুমি মোৰ আকাশী জোন
উলাহে নধৰে চোন
ৰলাহী বুকুতে সোণ
তুমি মোৰ কোন
জানোঁ মই কোন

অ… বুকুৰে কথাবোৰ বুজাব নোৱাৰোঁ
এনেই লাগে তুমিয়ে আপোন
হ’… এ সাগৰ ভাৱনাই শুবলে নিদিয়ে
দেখিছোঁ দিনতে সপোন