Assamese Lyrics
Hey Mur Xokolu Satak Lyrics By Jyoti Prasad Agarwala
Song: Hey Mur Xokolu Satak
Singer: Jyoti Prasad Agarwala
![]() |
| Hey Mur Xokolu Satak Lyrics |
Hey Mur Xokolu Satak
হে মোৰ সকলো শত্ৰু
তোক নমস্কাৰ
তোক বন্ধু ৰূপেহে চাওঁ
তোৰে সতে মোৰ
সংঘাত লাগি
মোৰ জীৱনতে
ধুনীয়া প্ৰকাশ পাওঁ ;
মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ
শতপাহি বিকশাওঁ ;
তোক বন্ধু ৰূপেহে চাওঁ
প্ৰতি সংঘাতে নতুন শক্তি পাওঁ
তোৰে সতে মোৰ
সংঘাত লাগি
কণ্ঠত জাগে
অভিনৱ ওঙ্কাৰ….
তোৰ সতে মোৰ
সংঘাত লাগি
মোৰ ঘানৰ সুৰৰ
নৱতম ঝঙ্কাৰ
হে শত্ৰু নমস্কাৰ !
নিজৰাৰ দৰে মোৰ জীৱনে
অগ্নি মনে
তোৰ, বাধাৰ শিলত
আঘাত কৰি
উফৰি উফৰি পৰি,
শুভ ফেনীল পেখম মেলি
ফুটন্ত মোৰ প্ৰাণ উজ্জ্বলাই
গন্ধ-গানৰ ঢৌ তুলি যায়
নিতৌ নতুন ৰূপ ধৰি ৷
