Assamese Lyrics
Ei Je Akhim Nila Robha Lyrics By Jyoti Prasad Agarwala
Song: Ei Je Akhim Nila Robha (এই যে অসীম নীলা ৰভা)
Singer: Jyoti Prasad Agarwala
![]() |
| Ei Je Akhim Nila Robha Lyrics |
Ei Je Akhim Nila Robha Lyrics:—
এই যে অসীম নীলা ৰভা তৰি
এই যে অসীম নীলা ৰভা তৰি
কোটি বেলিৰে
জোন তৰাৰে থৈছ জোনাক কৰি
তাত কত জ্যোতি জ্বলি উঠিছে
কতবাৰ মৰি মৰি
এই যে অসীম ৰভা
তোৰ মহাজ্ঞানৰ আভা পৰি
ধৰে অভিনৱ শোভা ,
অনন্ত প্ৰকাশে তাৰ
অশেষ জ্বলি জ্বলি
বিলাই পূৰ্ণ বিভা ৷
এই লক্ষ ভুবন, বিয়পা গ্ৰন্থাগাৰ
এই মহা তই বৈজ্ঞানিকৰ
সঁজুলি অপাৰ
মহাশিল্পজ্ঞানৰ, মহাকাব্যজ্ঞানৰ সৃষ্টি কৰাৰ
ৰূপ-অৰূপৰ অনন্ত-বিজ্ঞানৰ
বিশ্বসৃষ্টি… অৰ্থনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
চৰাচৰ এই বিশ্বখনৰ, অনন্ত জীৱনৰ নীতিৰ
প্ৰকাশ নীতিৰ
বিকাশ নীতিৰ
সৃষ্টি-স্থিতি-প্ৰলয় নীতিৰ
অনন্ত ৰাষ্ট্ৰীয় নীতিৰ নানা নানা
বিষয় থকা
সকলোৰে কলাজ্ঞানৰ আৰু বিজ্ঞানৰ, জ্ঞান
বিতৰণ পাতিলি অসীম
বিশ্বজনা বিশ্ববিদ্যালয় ৷
তয়ে অকলৈ
মোৰ টোকোনাৰ বিত নোহোৱাৰ
মহা মুৰুখৰ গুণ নথকাৰ
অকণমানো বোধ নাইকীয়া তাত
পঢ়িবলৈ ৷
তথাপিও প্ৰাণত মোৰ অগ্নি-হেঁপাহ জ্বলে
কিজানিবা কিবা বুজো দুৱাৰ-ডলিত
ৰ’লে ৷
তাৰ মহাসৌধৰ সোপান- তলত, বহি থাকোঁ
পুৱা সন্ধিয়া
বাটৰুৱা মানুহে মোক বোলে বলিয়া ৷
