Dug Dug Dug Dug Dambaru Lyrics ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Dug Dug Dug Dug Dambaru (ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু)
Singer: Bhupen Hazarika
![]() |
Dug Dug Dug Dug Dambaru Lyrics |
Dug Dug Dug Dug Dambaru Lyrics:----
কথা : এʼ বিজুলি নাচে, চিক্মিক্ চিক্মিক্
অʼ ডম্বৰু বাজিলে, ডুগ্, ডুগ্, ডুগ্, ডুগ্।
গীত : ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু
মেঘে বজায় ডম্বৰু
চিক্মিক্ বিজুলী নাচে
হেʼ চিক্মিক্ বিজুলী
এ' চিক্মিক্ বিজুলী।
সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে
সৰু সৰু ঘৰবোৰ কঁপে,
হেʼ চিক্মিক্ বিজুলী
হেʼ চিক্মিক্ বিজুলী।
সৰু সৰু পুখুৰীত, সৰু পুঠি মাছবোৰে
বিজুলীক গিলিবহে খোজে
হে' চিক্মিক্ বিজুলী
এʼ চিক্মিক্ বিজুলী।
সৰুদৈ আইদেইৰ কি হʼল?
কি হʼল?
সৰুকণত বহিবৰ মন গʼল
লেঠা হʼল
সমাজেও অনুমতি নিদিলে
দুয়োৰে জাত-পাত নিমিলে,
সেয়ে সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত
সৰু সৰু সমাজক এৰে।
হে' চিক্মিক্ বিজুলী
এ' চিক্মিক্ বিজুলী।
বনজুৱে হোম দিলে
বিজুলীয়ে ৰভা দিলে
জিলীয়ে বিয়ানাম গায়
ধুমুহাই গগনা বায়
সাহসৰে বাতৰি বিলায়।
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে,
ভেকুলীয়ে বৰ লাজ পায়
হেʼ চিক্মিক্ বিজুলী
হেʼ চিক্মিক্ বিজুলী।
COMMENTS