Moi Eti Jajabor Jyrics In Assamese মই এটি যাযাবৰ by Bhupen Hazarika, visit AssameseLyrical.com for more Assamese lyrics
Song: Moi Eti Jajabor (মই এটি যাযাবৰ)
Singer: Bhupen Hazarika
![]() |
Bhupen Hazarika |
Moi Eti Jajabor Jyrics In Assamese:---
মই এটি যাযাবৰ
মই এটি যাযাবৰ,
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
মই এটি যাযাবৰ
মই এটি যাযাবৰ….
মই লুইতৰ পৰা মিছিছিপি হৈ
ভল্গাৰে ৰূপ চালো,
অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ
পেৰিছ সাৱটি ল’লো,
মই ইলোৰাৰ পৰা পুৰণি ৰহণ
চিকাগোলে কঢ়িয়ালো,
গালিবৰ শ্বেৰ দুচম্বেৰ
মীনাৰত শুনা পালো
মাৰ্কটুৱেনৰ সমাধিত বহি
গৰ্কীৰ কথা ক’লো,
বাৰে বাৰে দেখো বাটৰ মানুহো
আপোন হৈছে পৰ,
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ….
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ,
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন,
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ,
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন,
মই দেখিছো অনেক গগণ চুম্বী
অট্টালিকাৰ শাৰী,
তাৰ ছাঁতেই দেখিছো ক’তনা
গৃহহীন নৰ-নাৰী,
মই দেখিছো কিছো ঘৰৰ সমুখ
বাগিছাৰে আছে ভৰি,
আৰু দেখিছো মৰহা ফুলৰ পাপৰি
অকালতে পৰা সৰি,
বহু দেশে দেশে গৃহদাস দেখি
চিন্তিত হওঁ বৰ,
মনৰ মানুহ বহুতেই দেখো
ঘৰতেই হৈছে পৰ,
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ,
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
সেয়ে মই যাযাবৰ
মই এটি যাযাবৰ….
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ….
COMMENTS