Bhupen Hazarika
Xitore Xemeka Rati Lyrics | শীতৰে সেমেকা ৰাতি | Bhupen Hazarika
Song: Xitore Xemeka Rati (শীতৰে সেমেকা ৰাতি)
Singer: Bhupen Hazarika
![]() |
| Xitore Xemeka Rati Lyrics |
Xitore Xemeka Rati Lyrics:—
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
সেমেকা শীতৰে ৰাতি
শীতৰে সেমেকা ৰাতি,
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ,
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ….
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
সেমেকা সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ,
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ,
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি….
শীতৰে সেমেকা ৰাতি
খাদ্যবিহীন কোনো দিন মজুৰৰ
খাদ্যবিহীন কোনো দিন মজুৰৰ,
প্ৰাণতে লুকাই থকা ক্ষুধা অগনিত
হথাতে থমকি উঠা প্ৰচন্দ যেন
এটি প্ৰতাপ হওঁ,
প্ৰতাপ হওঁ মই প্ৰতাপ হওঁ
প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ
প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ,
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি….
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
সংখ্যালঘু কোনো সম্প্ৰদায়ৰ
সংখ্যালঘু কোনো সম্প্ৰদায়ৰ,
ভয়াৰ্ত মন্ত্ৰীৰ নুফুটা আৰ্তনাদ
নিজেই প্ৰকাশ কৰি
মিঠা যেন এটি নিৰাপত্তা হওঁ
নিৰাপত্তা হওঁ…নিৰাপত্তা হওঁ…
শীতৰে সেমেকা ৰাতি
কণ্ঠৰূদ্ধ কোনো সুগায়কৰ
কণ্ঠৰূদ্ধ কোনো সুগায়কৰ,
প্ৰভাত আনিব পৰা অথচ নুগুৱা এটি
অমৰ গীতৰ বাবে
মই যেন এটি শুধাকণ্ঠ হওঁ
শুধাকণ্ঠ হওঁ…শুধাকণ্ঠ হওঁ…
মই যেন এটি শুধাকণ্ঠ হওঁ
মই যেন এটি শুধাকণ্ঠ হওঁ;
শীতৰে সেমেকা ৰাতি
সেমেকা সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি,
বস্ত্ৰবিহীন কোনো খেতিয়কৰ
ভাগিপৰা পঁজাটিৰ তুঁহজুই একোৰাত
উমি উমি জ্বলি থকা
ৰক্তিম যেন এটি উত্তাপ হওঁ
ৰক্তিম যেন এটি উত্তাপ হওঁ
প্ৰচন্দ যেন এটি প্ৰতাপ হওঁ
মই যেন এটি নিৰাপত্তা হওঁ
মই যেন এটি শুধাকণ্ঠ হওঁ
শীতৰে সেমেকা ৰাতি
শীতৰে সেমেকা ৰাতি….
