Bukure Majote Epahi Gulape Lyrics by Ritrisha, visit AssameseLyrical.com for more Assamese lyrics
Song: Bukure Majote Epahi Gulape (বুকুৰে মাজতে এপাহি গোলাপে)
Lyricist: Zubeen Garg
Singer: Ritrisha
Musician: Zubeen Garg
![]() |
Bukure Majote Epahi Gulape Lyrics |
Bukure Majote Epahi Gulape Lyrics:--
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি
দুচকুৰ মাজতে
জোনাকী এজাকে
পাখি মেলিলে আজি
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি...
অ’... অ’... অ’...
জোনাকে জোনাকে
মনৰ জুনুকা
বাজে মাথোঁ তোমালৈ
এন্ধাৰে এন্ধাৰে মনৰ শব্দে
চিঞৰি তোমালৈ
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি...
অ’... অ’... অ’...
এটি এটি পুৱা
এটি এটি নিশা
জ্বলি সৰি শেষ শেৱালি
খিৰিকী সিপাৰে তুমি হাত বাউলি
জুনুকা হ’ল বাউলি
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি...।
COMMENTS