Koli Meliley Lyrics | Zubeen Garg & Navanita Sharma Bora

Published on March 19, 2020

Song: Koli Meliley (কলি মেলিলে)

Singer: Zubeen Garg & Navanita Sharma Bora

Koli Meliley Lyrics
Koli Meliley Lyrics

Koli Meliley Lyrics:—

কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ

অভিধানৰে কোনো আখৰে
বুজাব নোৱাৰা আৱেগবোৰ
চেকুৰি আহি আশাৰে ঘোঁৰাতে
সঁচা হ’বলৈ কিমান দূৰ

কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ…

অকনমানিকৈ এধানমানিকৈ
আজি সপোন
উৰি আহি চকুতে শুলে আকশৰ জোন
জাকৰুৱা ৰ’দে উমনি দিলে

ৰাগে-অনুৰাগে বিয়পে ফাগুণৰ গান
বাঢ়ি আহি বুকুতে শুলে আঘোণৰ ধান
ইতিহাসৰে সিটো পাৰলে
ৰামধেনু ৰঙ বিলাই যায়

আৰোহনৰে সাতোটি সুৰে
উজ্বলি মোৰ গানকে গায়
কলি মেলিলে একোলা ৰঙে
শুকুলা মনৰ মাজতে মোৰ
হাঁহি মাৰিলে আজি হঠাতে
উচুপি থকা সময়ে মোৰ…