Assamese Lyrics
Mon Aji Hoi Ura Pokhi Lyrics By Jitul Sonowal
Song: Mon Aji Hoi Ura Pokhi (মন আজি হৈ উৰা পখী)
Singer: Jitul Sonowal
![]() |
| Mon Aji Hoi Ura Pokhi Lyrics |
Mon Aji Hoi Ura Pokhi Lyrics:–
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সোঁৱৰি
বহু দিন হ’ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ’ল ঋতু পাৰ হ’ল
আজি উকা ফুলনিত
তুমি জানানে কি?
তুমি জানানে কি?
দুখৰ ৰ’দৰ আবেলি
অকলে অকলে মই
সোণৰে মৰিচীকা
খেদি আছিলোঁ গৈ
অচিন পথৰ চলনাত
দহিছিলে হিয়া
ধুমুহা ৰাতিয়ে মোক
আনিছিল দুখ সময়
তুমি আহি দেখুৱালা
মৰমৰে বাট
এতিয়া…
তুমি নাহানেকি?
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সোঁৱৰি
বহু দিন হ’ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ’ল ঋতু পাৰ হ’ল
আজি উকা ফুলনিত
তুমি জানানে কি?
তুমি জানানে কি?
ইপাৰ সিপাৰ নমনা
সাগৰৰ ইপাৰে
সাঁজিছিলোঁ বালিঘৰ
ধুমুহাৰ নিশাতে
সপোন ভঙা পৰতে
তুমি কাষতে ৰৈ
দিলাহি সঁচা মৰম
কলিজাৰ উমেৰে
আজি দেখোঁ
নোকোৱাকে গ’লা আঁতৰি
তুমি সোণ…
আজি নাহানেকি?
মন আজি হৈ উৰা পখী
তোমাকেই যায় বিচাৰি
পোৱা নোপোৱাৰ দোমোজাতে
আছে তোমাকেই সোঁৱৰি
বহু দিন হ’ল দেখা নাই
তোমাৰ চিনাকি হাঁহিটি
তুমি নিদিলে মনৰ ঠিকনাত
নিদিয়েহি কোনেও বাতৰি
দিন পাৰ হ’ল ঋতু পাৰ হ’ল
আজি উকা ফুলনিত
তুমি জানানে কি?
তুমি জানানে কি?
তুমি জানানে কি?
তুমি জানানে কি?
তুমি জানানে কি?
তুমি জানানে কি?
