Shyam Kanu Satyor Moron Nai Lyrics By Bhupen Hazarika

Published on March 31, 2020

Song: Shyam Kanu Satyor Moron Nai (শ্যামকানু সত্যৰ মৰণ নাই)

Singer: Bhupen Hazarika

Shyam Kanu Satyor Moron Nai Lyrics
Shyam Kanu Satyor Moron Nai Lyrics

Shyam Kanu Satyor Moron Nai Lyrics:–

শ্যামকানু সত্যৰ মৰণ নাই
সাধিলে হেৰোৱা বস্তু, হাততে যে পায়।

(ঐ ৰাম) স্ত্ৰীৰ বাবে স্বামীৰ চৰণ পূত পুণ্য ঠাই
মাতৃৰ বুকু ভৰে যেবে পুত্ৰই বোলে ‘আই’।

(ঐ ৰাম) বন্য জন্তু শান্ত নহয়, সংযম হেৰায়
মানুহ ৰূপে বন্য হ’লে শোভা যে নেপায়।

অগ্নিযুগৰ ফিৰিঙতি তই
গ’লিগৈ অগনি জ্বলাই
কালিৰ শিশুৰ বাবে তোৰেই আজিক
সঁপিলি শোণিত বোৱাই।

ভৱিষ্য পুৰুষৰ বিপ্লৱী মন
জোকাৰি জোকাৰি যায়
শোষণকাৰীৰ গুলি লথিয়াই
শ্বহীদ আজি আগুৱায়।