Tumi Nokoleu Lyrics By Zubeen Garg & Lota Bordoloi, visit AssameseLyrical.com for more Assamese lyrics
Song: Tumi Nokoleu (তুমি নক'লেও)
Singer: Zubeen Garg & Lota Bordoloi
![]() |
Tumi Nokoleu Lyrics |
Tumi Nokoleu Lyrics:--
(কথা : লঃবঃ )
["তুমি নক'লেও তোমাৰ মনৰ ভাষা বুজি পাওঁ
তুমি নেচালেও তোমাৰ চকুত দেখা পাওঁ
এখন ধু-নী-য়া সৰগ
আশাবোৰে ৰেঙিয়াই
হেঁপাহবোৰো ডেউকা মেলি
উৰি উৰি আপোন পাহৰা হয়
আৱেগৰ সোঁতত
পিছে...
প্ৰতিশ্ৰুতিও কেতিয়াবা কৰে প্ৰতাৰণা
লগ পোৱাৰ কথা আছিল আজি
কিন্তু নিজেও নাজানো
সেই সময় বাৰু আহিবনে উভতি?"]
(গীত : জুবিন গাৰ্গ)
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
(কথা : লঃবঃ)
[হেই! তুমি নিলাঞ্জনা বুলি ক'লে
লাজৰ উৰণিখনে যেন মোক
হেঁচা মাৰি ধৰে
তুমি নিলাঞ্জনা বুলি নামাতিলে
মোৰ উদাস উদাস হিয়াখন যেন
বিৰহতে ভাগৰি পৰে
আৰু...
আৰু তুমি যে মোক কেতিয়াবা কোৱা
এখন বিশাল অকাশ
আৰু এবুকু সঁচা মৰম
একে নহয় জানো নিলাঞ্জনা?
হু...হু...হুম....
আৰু মোৰ যে তেতিয়া
হু...হু...হুম...]
(গীত : জুঃগাঃ)
এবুকু সঁচা মৰমে
মন আকাশ জীপাল কৰে
আশা ভাঙি গ'লে নিমিষতে
কলিজা ভাগে
অ'... অ'... অ'
এবুকু সঁচা মৰমে
মন আকাশ জীপাল কৰে
আশা ভাঙি গ'লে নিমিষতে
কলিজা ভাগে
অ'...
(গীত : লঃবঃ)
স্মৃতিয়ে বাৰে বাৰে
কিয় আমনি কৰে
হেৰুৱাৰ বেদনাত
হিয়া ভাগৰে....
(গীত : জুঃগাঃ)
নিজানতে অকলশৰে
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
প্ৰেম সাগৰতে মন ডিঙা
উলাহত মেলি দিলোঁ...
চাকনৈয়া আছে বুলি
ভবাই নাছিলোঁ...
অ'... অ'... অ'...
প্ৰেম সাগৰতে মন ডিঙা
উলাহত মেলি দিলোঁ
চাকনৈয়া আছে বুলি
ভবাই নাছিলোঁ...
( গীত : লঃবঃ)
আৱেগত উচুপে বাউলি বতাহে
আজিও তুমি মোৰ উশাহে নিশাহে
(গীত : জুঃগাঃ)
বিয়পিছা শিৰে শিৰে...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা..
COMMENTS