Bhagoruwa Monor Lyrics By Tarali Sarma

Published on April 26, 2020

Song: Bhagoruwa Monor (ভাগৰুৱা মনৰ)

Singer: Tarali Sarma

Bhagoruwa Monor Lyrics
Bhagoruwa Monor Lyrics

Bhagoruwa Monor Lyrics:—

ভাগৰুৱা মনৰ নিজান সময়বোৰ
কিয় হে হুমুনিয়াহে ভৰা ক্ষণ হয়
নিৰাশাৰে সেমেকা সোঁৱৰণি লৈ
অ’ হতাশাৰ লোটক টোপা টোপে
দুগালে নিগৰায়
হতাশাৰ লোটক টোপা টোপে
দুগালে নিগৰায়
ভাগৰুৱা মনৰ নিজান সময়বোৰ
কিয় হে হুমুনিয়াহে ভৰা ক্ষণ হয়
নিৰাশাৰে সেমেকা সোঁৱৰণি লৈ
অ’ হতাশাৰ লোটক টোপা টোপে
দুগালে নিগৰায়
হতাশাৰ লোটক টোপা টোপে
দুগালে নিগৰায় ।

প্ৰতিদিনে যুঁজি যুঁজি ওভতো
ৰণাঙ্গণৰ বিফলতা লৈ
অ’ নৈ …
প্ৰতিদিনে যুঁজি যুঁজি ওভতো
ৰণাঙ্গণৰ বিফলতা লৈ
ভাবিছানে চাগে ৰৈ তাকে চাই চাই
বাৰে বাৰে ভগা মন ঠুনুকা হে হয়
নদী ঢৌ তুলি তই
সঘনে …
মোকে ঠাৰে ঠাৰে
তাকে বাৰু যাৱনে কৈ
মোকে ঠাৰে ঠাৰে
তাকে বাৰু যাৱনে কৈ ।

কিদৰেনো ঢৌৱে ঢৌৱে অবিৰাম
অহোৰাতি থাক মাথো বৈ
অ নৈ …
কিদৰেনো ঢৌৱে ঢৌৱে অবিৰাম
অহোৰাতি থাকো মাথো বৈ
নেভাগেনে বাৰু তোৰ মন
বাধাবোৰ পাই
ক’তেনো পাৱ ন সাহ
যুঁজি যাবলৈ ।
নদী বয় অবিৰাম
নীৰৱে …
ক’ব খোজ চাগে
যুঁজি যুঁজিও আনন্দ পায়
ক’ব খোজ চাগে
যুঁজি যুঁজিও আনন্দ পায়
ক’ব খোজ চাগে
যুঁজি যুঁজিও আনন্দ পায়
ক’ব খোজ চাগে
যুঁজি যুঁজিও আনন্দ পায়
ক’ব খোজ চাগে
যুঁজি যুঁজিও আনন্দ পায় ।