Assamese Lyrics
Dhak Dhak Lyrics By Bhupen Hazarika
Song: Dhak Dhak (ঢাক্ ঢাক্)
Singer: Bhupen Hazarika
![]() |
| Dhak Dhak Lyrics |
Dhak Dhak Lyrics:–
ঢাক্ ঢাক্ ঢাক্ ঢাক্
ঢাক্ ঢাক্ ঢাক্ ঢাক্ ঢাকেই বজালি।
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি।
খাটি খোৱা তহঁতবোৰক দোস্ত কৰি লৈ
কুবু্দ্ধিৰে দৈত্যবোৰে তেজ শুহি লয়।
যুগে যুগে ঠগ্ খায়ো নুবুজা হ’লি
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি।
মুখৰ ভাষা বুকুৰ আশা বন্ধকত থ’লি
সেইবাবে কেঁচা যৌৱন নিশা বেচিলি ।
হিম্মতবিলাক হেৰুৱাই ক’লৈ পলালি
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি।
ভেড়াৰ পালৰ দৰে আজি বাচি কিয় আছ?
এন্ধাৰ এন্ধাৰ গলিৰ মাজত ক্ষণ গণিছ।
ভেড়া নহৈ তেজাল ঘোঁৰা কিয় নহ’লি
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি।
জন-অৰণ্য, ধোদ জঘন্য, পুঁজিপতি ধন্য
বনুৱা পণ্য, গণ্য-মান্য সমাজো অনন্য।
মুখা পিন্ধা বৰ মানুহক প্ৰণাম কৰিলি ।
নাই নাই নাই তোৰ ইজ্জত বেচিলি।
ঢাক্তো মাথোঁ বাজনা নহয়
ঢাক্ তঁহতৰ অস্ত্ৰ
শোষকহঁতক নঙঠ কৰ
কাঢ়ি সিহঁতৰ বস্ত্ৰ!
(এক) নতুন সমাজ গঢ়িবলৈ পণ কৰিলি!
জাক জাক তেজাল ঘোঁৰাৰ চিঞৰ মাৰিলি ।
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি।
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি
কথা: কৰিলিনে নাই?
(চিঞৰ) কৰিলোঁ ।
(তেনে) জাগ্ জাগ্ জাগ্ জাগ্
এক নতুন সমাজ গঢ়িবলৈ পণ কৰিলি ।।
