Ei Kopalot Tuli Loli Lyrics By Dipen Baruah, visit AssameseLyrical.com for More Assamese lyrics
Song: Ei Kopalot Tuli Loli (এই কপালত তুলি ললি)
Singer: Dipen Baruah
![]() |
Ei Kopalot Tuli Loli Lyrics |
Ei Kopalot Tuli Loli Lyrics:--
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি
অ’... নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ...
এই সমাজৰ ৰঙীন সাজৰ
মাজত কিমান যে ভুৱা!
মিছা ! মিছা ! এই মৌসনা মাত
মিছাতেই ভোল যোৱা ।
অ’... দিন দুপৰীয়া চাই থাকোতেই
মাৰিব চকুত ধূলি
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ...
আই উভতি একো নেদেখ
আগলৈ ও একো নাই!
মাজত মাথোঁ পূৰ্ণ কৰা
বাট পৰি আছে হায়!
অ’... বাটৰুৱা বাটটোকে ল’
শেষৰ সমল বুলি!
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ...
অ’... নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ... ।।
COMMENTS