Gaan Diya Kobita Diya Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Gaan Diya Kobita Diya (গান দিয়া কবিতা দিয়া)
Singer: Zubeen Garg
![]() |
Gaan Diya Kobita Diya Lyrics |
Gaan Diya Kobita Diya Lyrics:---
গান দিয়া কবিতা দিয়া
শব্দ দিয়া মৌনতা দিয়া
সি লোৱাএন্ধাৰত এচৰু পোহৰ দিয়া
অমানিশাৰ মাজত জোনাক সিঁচি (হ'ব) দিয়া
মৰুভূৰ মাজত বকুলৰ সুবাস দিয়া
সাগৰৰে মাজত পদুম হ'ব দিয়া ।
মোক পাহৰি তুমি হ'ব দিয়া
বাট পাহৰি খোজ কাঢ়িব দিয়া
প্ৰতিটো খোজতে উজুটি খাব দিয়া
অথাই সাগৰত পৰিব দিয়া
আকলোৱা শীতৰ উমাল মৰম দিয়া
গ্ৰীষ্মৰ কঠোৰ আৱেগৰ চুম্বন হ'ব দিয়া ।
মুখত হাঁহি দিলা, চুকত অশ্ৰু দিলা
এতিয়া হৃদয়ত তোমাৰেই উশাহ
খিৰিকী মেলিলেই, পদূলিলে চালেই
নিথৰ হৈ বহি ৰয় তোমাৰেই আকাশ
দেশৰ বাবে আকৌ এবাৰ আদেশ দিয়া
চেনীমৰা বাগিচাৰ চিঠিৰ খবৰ দিয়া
ঢলি পৰা সুৰুজক পুনৰ জগাই দিয়া
কবিতাৰ পৃথিৱীত উন্মাদ হ'ব দিয়া
মানুহৰ পৃথিৱীত শইচৰ পথাৰ দিয়া
সুগন্ধি পখিলাৰ ৰঙবোৰ সিঁচি দিয়া ।।
COMMENTS