Kar Porokh Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Kar Porokh (কাৰ পৰশ)
Singer: Zubeen Garg
![]() |
Kar Porokh Lyrics |
Kar Porokh Lyrics:---
কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস
কাৰ তিতা-মিঠা এশাৰী মাত
জীয়াই থাকিবলে লাগে আমাক
হুমুনিয়াহ চেঁচা চেঁচা এই দুখৰে কাহ
কামিহাড় ভাঙি যোৱা বতাহ
লাগে জানো আমাক
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।
ঠুনুকা এই জীৱনতে
এমুঠি হাঁহি পাবলে যে টান
থকা হাঁহিকণ নোহোৱা হ’লেই
সকলোখিনি হ’ব অৱসান
নিদ্ৰাৰ পৰা সাৰ পোৱা
উঠা জাগা আৰু জগোৱা
চকু মেলি চোৱা পৰভাত
হৃদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।
সপোনৰে ৰং দুচকুতে লৈ
কত যে শিশু আছে আশা লৈ
নতুন আহিব, জোৱাৰ আনিব
শান্ত সুন্দৰ ফুলনি হৈ
নিদ্ৰাৰ পৰা সাৰ পোৱা
উঠা জাগা আৰু জগোৱা
চকু মেলি চোৱা পৰভাত
হৃদয়ৰ পৰা দিয়া মাত
বুজি চাগে পোৱা তুমি
বুজি পাওঁচোন আমি ।।
COMMENTS