Nimati Koina O Lyrics By Bishnu Prasad Rabha

Song: Nimati Koina O (নিমাতী কইনা অ)

Singer: Bishnu Prasad Rabha

Nimati Koina O Lyrics
Nimati Koina O Lyrics

Nimati Koina O Lyrics:---

নিমাতী কইনা অ’ নিমাতী কইনা
চকুত তোমাৰ হাঁহি
ওঁঠত মাথোন বাণী বিহীনা
তুমি বাণী বিহীনা ।

ফাগুন সমীৰে কেশ উৰুৱালে
চকুত জিলিক চৰে
মন তোমাৰ উৰে ক’ৰবালে ।

নিমুটেঙাৰ ফুলৰ বাচে
পৰাণ ওপচালে
চকু তোমাৰ সুদূৰ ধিয়াই নাচে
সুদূৰ ধিয়াই নাচে ।

শাওণত যেবে মেঘে গুৰু গুৰু কৰে
আবেগে হিয়া উঠলে
নীৰৱ ভাষা চকুৰে নিজৰি পৰে
চকুৰে নিজৰি পৰে ।

তোমাৰ চকুৰ নীৰৱ ভাষা
বেথাৰে উৱলি পৰা
তাতেই গঁথা মোৰ শত আশা
মোৰ শত আশা ।।

Post a Comment

Previous Post Next Post

Contact Form