Udakh Nohobi Dekhi Endhar Lyrics By Anima Choudhury

Song: Udakh Nohobi Dekhi Endhar (উদাস নহ'বি দেখি এন্ধাৰ)

Singer: Anima Choudhury 

Udakh Nohobi Dekhi Endhar Lyrics
Udakh Nohobi Dekhi Endhar Lyrics

Udakh Nohobi Dekhi Endhar Lyrics:---

(উদাস নহ'বি দেখি এন্ধাৰ
জয়াল বাট গভীৰ নিশাৰ
সাহস ৰাখিবি তোৰ হিয়াত
দুখৰ ৰাতিৰ পৰিব এদিন ওৰ) - ←২

(পুৱাৰ সূৰুযৰ ৰাঙলী আভাই
দলিচা পাৰি দিব
জোনালী নিশাৰ অযুত তৰাই
আল্পনা আঁকি দিব)←২ (২য় দ্বৈতত)
নতুন গতিৰে গতি ল'ব
আশাৰ বাটত ৰথৰ চকৰি তোৰ

(দুহাত সাৱটি থাকিলে জানো
বিঘিনি আতৰি যায়..
সময় থাকোঁতে ল'ব নাজানিলে
প্ৰাপ্য হেৰাই যায় ) ←২ (২য় দ্বৈতত)
সংকোচ দ্বিধা এৰি পেলা
আত্মবলেই পথৰ সাৰথি তোৰ
উদাস নহ'বি দেখি এন্ধাৰ
জয়াল বাট গভীৰ নিশাৰ
সাহস ৰাখিবি তোৰ হিয়াত
দুখৰ ৰাতিৰ পৰিব এদিন ওৰ ।।

Post a Comment

Previous Post Next Post

Contact Form