Assamese Lyrics
Xuni Ki Nuxuni O Lyrics By Anima Choudhury
Song: Xuni Ki Nuxuni O (শুনি কি নুশুনি অ)
Singer: Anima Choudhury
![]() |
| Xuni Ki Nuxuni O Lyrics |
Xuni Ki Nuxuni O Lyrics:—
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত
পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ
তত নাই এতিয়া গাতে
মোৰ চেনাই ঐ….ততে নাই এতিয়া গাত…….
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত……
তোৰে কথা ভাবি ভাবি মোৰ ৰাতি উজাগৰে যায়
কিনো চেনাই যাদু কৰিলি মোকে আজলী পায়
তোৰে কথা ভাবি ভাবি মোৰ নিশা টোপনী নাই
কিনো চেনাই যাদু কৰিলি মোকে আজলী পায়…
কৈয়ে যা চেনাই…….কেতিয়ানো লগে পাম
মনৰ কথা খুলি কম
ভাবি মন ইচাটি বিচাটি কৰে
চেনাই অ কিনো জুই জলালি গাত…
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত
পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ
তত নাই এতিয়া গাতে
মোৰ চেনাই অ….ততে নাই এতিয়া গাত
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত
(যোৱাবেলি বিহুতলীত কথা দিছিলি তই
বাৰে বাৰে নুভুলাবি মোক ছলাহী কথা কৈ)২
শুনি যা চেনাই…….
পেটলে নেযায় ভাত কলিজা নপৰে শাঁত
নেপালে তোৰে ঐ মাতে মোৰ চেনাই অ
কিনো জুই জলালি গাত……
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত
পেঁপাৰ মাতে শুনি ৰব মই নোৱাৰোঁ
তত নাই এতিয়া গাতে
মোৰ চেনাই অ….ততে নাই এতিয়া গাত
শুনি কি নুশুনি অ….চেনাইৰে পেঁপাৰে মাত
