Aji Ganor Xorai Patilu Lyrics By Jyoti Prasad Agarwala

Song: Aji Ganor Xorai Patilu (আজি, গানৰ শৰাই পাতিলোঁ)

Singer: Jyoti Prasad Agarwala

Aji Ganor Xorai Patilu Lyrics
Aji Ganor Xorai Patilu Lyrics

Aji Ganor Xorai Patilu Lyrics:---

আজি, গানৰ শৰাই পাতিলোঁ, 
প্ৰাণৰ শৰাই পাতিলোঁ ৷
বিশ্বথাপনাত
মোৰ পূজালৈ মাতিলোঁ, 
মোৰ পূজালৈ মাতিলোঁ,
বিশ্বজনতা ৷

থাপনাত মই থাপিলোঁ
শুদ্ধ সুন্দৰতাক ৷
আজি সোণৰ শৰাই পাতিলোঁ
ৰূপৰ শৰাই পাতিলোঁ

দুখৰ শৰাই
চকুপানীৰ মুকুতাৰেই ভৰাই
পাতিলোঁ অ’ পাতিলোঁ ৷

তোকো মাতিলোঁ
তোকো মাতিলোঁ
জনতাকো মোৰ পূজালৈ,
মাতিলোঁ মাতিলোঁ ৷
আজি গানৰ শৰাই পাতিলোঁ  ৷

মোৰ বেদনাত
হীৰা মাণিক যদি কিবা ফুলে
মোৰ সাধনাত নৱালোকৰ ৰামধেনুখন
যদিহে জ্বলে
সংস্কৃতি মোৰ জাতিকাৰ
যদিহে ফুলে ফলে

অৰ্ঘা-কোষা পূৰ্ণ কৰি বিশ্বতীৰ্থজলে
মাতিলোঁ মই মাতিলোঁ
নিমন্ত্ৰণৰ আমন্ত্ৰণৰ
মন্ত্ৰ বোধনৰ
উদ্ধোধনৰ
চিৰ সুন্দৰৰ

জনতাকো মোৰ পূজালৈ মাতিলোঁ,
মাতিলোঁ আজি
গানৰ শৰাই পাতিলোঁ ৷

Post a Comment

Previous Post Next Post

Contact Form