Assamese Lyrics
Kar Xuworoni Lyrics By Jyoti Prasad Agarwala
Poem: Kar Xuworoni (কাৰ সোঁৱৰণি)
Writer: Jyoti Prasad Agarwala
Kar Xuworoni Lyrics:—
কাৰ সোঁৱৰণি
তোৰ চকুপানী
ভোৰ, দৃষ্টি কৰিলে বন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ!
কাৰ বিৰহত
তোৰে চৌপাষে
উৰিছে আকুল ব্যাকুল বনগন্ধ ৷
অ’ মোৰ ব’ৰাগী অন্ধ!
উমানে উমানে
বাটে বাটে যাৱ
ঘৰ কেনেকৈ চিনি পাৱ?
তই, গুণ গুণকৈ
কি গান বিনাৱ
আকাশৰ পিনে
মুদা চকুৰে
কিহৰ ছবিটো চাৱ?
তোৰেই দৰেই সসীম চকুৰে অসীমৰ ছবি
চাওঁ
তোৰেই দৰেই উমানে উমানে মোৰ বাটে
বাটে যাওঁ ৷
উৰিছে আকুল ব্যাকুল বনগন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ !!
