Mur Dhuniya Xopun Lyrics By Jyoti Prasad Agarwala

Sing: Mur Dhuniya Xopun (মোৰ ধুনীয়া সপোন)

Singer: Jyoti Prasad Agarwala

Mur Dhuniya Xopun Lyrics
Mur Dhuniya Xopun Lyrics

Mur Dhuniya Xopun Lyrics:---

অজেয়... মোৰ ধুনীয়া সপোন
ফুৰে কাঁইটীয়া বনত
ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা
বৰণৰ উজলি জ্বলে
কাঁইটে ফুটা, জেঙে বিন্ধা
পদুম চৰণত ৷

তাই এই দিঠকৰ
মুখত সানে
সোণ পোহৰৰ গুৰি
আপচু এই বাস্তৱতেই
ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ বন্তি জ্বলাই
ফুৰে উৰি উৰি ৷

দুখ-বেজাৰৰ গাঁৱে গাঁৱে
তাই আনন্দৰ, নৱজীৱনৰ, নেদেখা দিনৰ
আগবতৰা কয়
নতুন দিনৰ ন ছোৱালী
আঁকোৱালী লয় ৷

তাইৰ কাষলৈ আহি, মাতে হাঁহি হাঁহি
তাইৰ শৰাইত থকা, ন সেন্দুৰৰ ফোঁটটো পিন্ধি
তাইক চুমা খাই, সখী পতাই
তাইৰ নাচোন বাগোন দেখি
ভোল যায় যত
পোহৰ যাত্ৰী দল
আন্ধাৰৰ ব্যাধে
তাইক শৰ কৰি
ভাঙি দিয়ে সমদল ৷

তেজেৰে ৰাঙলী
ক্ষত বিক্ষতা
মোৰ সপোনে
মোৰ বুকুলৈ আহে,
কোলাত বহি
কথা কয় লাহে লাহে
উচুপি উচুপি
ফেঁকুৰি ফেঁকুৰি
মোৰ মুখলৈ চায়
এই পৃথিৱীত শিল্পী আত্মা
দেখো পাবলৈ নাই ৷

তাইৰ গাৰ তেজ মোৰ চকুলোৰে
মইয়েই দিওঁ
আলফুলকৈ ধুৱায় ৷

দুৰ্নিবাৰ সৌ নৱ কিৰণৰ
জন ভৱিস্যৰ
আগমনিৰ
নেপূৰৰ ধ্বনি শুনি
পঢ়ি শুনাওঁ কালবিজয়ী
তাইৰে সোৱৰণী
পিয়াই পিয়াই
অগ্নি সজীৱনী ৷

শত ব্যাধৰ শৰ সন্ধান
ব্যৰ্থ কৰি তাই
ব্যাধৰ পৃথিৱী ভাঙি চূৰমাৰ কৰি
শিল্পিৰ এক সোণালী পৃথিৱী
গঢ়িবলৈ
মোৰ সপোন বিশ্বকে জগায় ৷
মোৰ ই সপোন-মুগ্ধ সংগ্ৰামী সতীৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ ৷৷

Post a Comment

Previous Post Next Post

Contact Form