Assamese Lyrics
Mur Gaan Jodi Xunisa Lyrics By Arun Das
Song: Mur Gaan Jodi Xunisa (মোৰ গান যদি শুনিছা)
Singer: Arun Das
![]() |
| Mur Gaan Jodi Xunisa Lyrics |
Mur Gaan Jodi Xunisa Lyrics:—
মোৰ গান যদি শুনিছা
শুনি জানিবা
গাঁও মই তোমাৰেই বাবে
তোমাৰ বাবে তুমি জানা ।
হৃদয় মনৰ ভাগৰখিনি
জানো তুমি বুজি পাবা
কিয় মনে তোমাকেই বিচাৰে
জানো তুমি বুজি পাবা
মই নেজানোঁ মাথোঁ জানোঁ
মোৰেই তুমি হৈ ৰ’বা ।।
শীতৰ দিনত কুঁৱলী নাছিল
কুঁৱলী আনিলা তুমি
ৰ’দৰ দিনত পোহৰ নাছিল
পোহৰ আনিলা তুমি
কুঁৱলী আছে ৰ’দো আছে
মাথোঁযে নাই তুমি ।।
