Mur Geetei Mur Porisoi Lyrics By Rituparna Sharma

Published on May 1, 2020

Song: Mur Geetei Mur Porisoi (মোৰ গীতেই মোৰ পৰিচয়)

Singer: Rituparna Sharma

Mur Geetei Mur Porisoi Lyrics
Mur Geetei Mur Porisoi Lyrics

Mur Geetei Mur Porisoi Lyrics:—

মোৰ গীতেই মোৰ পৰিচয়
গীততেই মোক পাবা
কেতিয়াবা তুমি চাব খোজা যদি
মোৰ গীতকেই গাবা ।

মই সাগৰৰ উত্তাল তৰঙ্গতেই
থাকোঁ নদীৰ কোবাল গতিত
তৰাৰে ফুলাম আকাশখনিত
জেউতি চৰোৱা ছবি
তাৰেই মাজত বিচাৰিলে মোক
তাতেই দেখা পাবা ।।

মই থাকোঁ পুৱাৰ মিঠা ৰ’দালিত
সেউজী গহন বনত
সোণোৱালী শস্যৰ পথাৰদৰাত
মানিকী মধুৰী ধানত
চিৰচেনেহী আই জননীৰ
কোলাতেই মোক পাবা ।।