Prithibir Sokupani Lyrics By Jyoti Prasad Agarwala

Published on May 12, 2020

Song: Prithibir Sokupani (পৃথিৱীৰ চকুপানী)

Singer: Jyoti Prasad Agarwala

Prithibir Sokupani Lyrics
Prithibir Sokupani Lyrics

Prithibir Sokupani Lyrics:—

পৃথিৱীৰ চকুপানী
কোনে মচি দিবি আজি
সাজি দিবি পোহৰৰ নৱ বাস্তৱ,
দুৱাৰে দুৱাৰে গৈ
দুখিতৰ ঘৰে ঘৰে
অন্ধক চকু দিয়
নিৰাশাক আশা দিয়
মুকক ভাষা দিয়
নিৰ্জীৱক জীৱ দিয়
গানেৰে সুৰেৰে দিয়
জীৱনৰ দৃষ্টি অভিনৱ ৷

জনতাৰ প্ৰাণে প্ৰাণে
জ্বলালি কি সঞ্জীৱনী শিখা
কপালত লিখি দিলি
বুকুৰ তেজেৰে তোৰ
কিনো নৱতম ভাগ্য-লিখা

যুগাগ্ৰগামী……… নৱ জনজীৱনৰ বিপ্লৱী-শিল্পী
অনাগত কালৰ জ্বল’ জ্যোতি ৰেখা
ভাবিস্যতিকা  চিত্ৰলেখা ৷৷