Tur Gaan Guwarei Anondote Lyrics By Jyoti Prasad Agarwala

Song: Tur Gaan Guwarei Anondote (তোৰ গান গোৱাৰেই আনন্দতে)

Singer: Jyoti Prasad Agarwala

Tur Gaan Guwarei Anondote Lyrics
Tur Gaan Guwarei Anondote Lyrics 

Tur Gaan Guwarei Anondote Lyrics:---

তোৰ গান গোৱাৰেই আনন্দতে
তোৰ গান গোৱাৰেই, আনন্দতে গাওঁ           
তোৰ সুৰ ৰচনাৰ আনন্দতেই
প্ৰাণৰ শান্তি পাওঁ
নিমন্ত্ৰণত তোৰ...
ঝঙ্কৃত ছন্দৰে মই
অলঙ্কৃত হৈ
তয়ে পতা সভালৈকে যাওঁ ৷

বাটে বাটে
ঘাটে ঘাটে
তোৰ বাতৰি পাওঁ
সেই বাতৰিৰ সুৰ লহৰী
বীণত ধৰি           
দিওঁ জোঁকাৰি

সেই জোঁকাৰে কঁপাই হিয়া বিশ্বজনতাৰ
জগাই জগাই
কোমল হাহাকাৰ ৷৷

Post a Comment

Previous Post Next Post

Contact Form