Ulai Aah O Lyrics By Jyoti Prasad Agarwala

Published on May 28, 2020

Song: Ulai Aah O (ওলাই আহ অ’)

Singer: Jyoti Prasad Agarwala

Ulai Aah O Lyrics
Ulai Aah O Lyrics

Ulai Aah O Lyrics:—

ওলাই আহ অ’ ওলাই আহ অ’
অসম দেশৰ শক্তিমান
তয়ে অসমৰ, তয়ে ভাৰতৰ
তয়ে জগতৰ নৱজোৱান !

শান্তি সেনা, শক্তি সেনা
তোৰ, জয়ৰ অভিযান
হাতত আছে বিজয় নিচান
তই অৰ্জ্জুন সমান ৷

অগ্নিৰ মুকুট পিন্ধি
মৰণ ৰথত উঠি
স্বাধীন দেশৰ হবি দুৰ্জ্জয় সন্তান
ভাৰত মাতৃৰ জীয়ৰী বোৱাৰীৰ
প্ৰাণ দিও তই ৰাখিবি মান

ৰণৰ শঙ্খ বাজে দেশে দেশে
বিপ্লৱ আহিছে উলঙ্গ বেশে
বিজয় লক্ষ্মী তোৰ দুৱাৰত
আজি জ্যোতিষমান

ওলাই আহ অ’
ওলাই আহ অ’
অসম দেশৰ শক্তিমান ৷