Assamese Lyrics
Heyro Sapunar Fulani Lyrics By Jyoti Prasad Agarwala
Song:Heyro Sapunar Fulani
Singer:Jyoti Prasad Agarwala
![]() |
| Heyro Sapunar Fulani Lyrics |
Heyro Sapunar Fulani
হেৰ সপোনৰ ফুলনিৰ মৌ পিয়া
তই
বিলাসৰ কোঠালিত ফটিকা পিলি
কবিতা লিখিলি তই
কবিতা লিখিলি
মোৰ কপালত তই বোকাৰ ইন্দ্ৰধনু
জানো দেখিলি ?
মোৰ কবিতাৰ শত পদুমে
পোহৰত পাহি মেলে
বোকাৰ চুমাত জীৱন পাই
পুৱা ৰ’দালিৰে খেলে
ধূলি বালিৰে
বোকাৰ অৰ্ঘ্য লৈ
তাতে হাজাৰ যুগৰ ব্যথা বেদনাৰ
চকুৰ পানীও থৈ
কোনে কৰিছ পূজা সুন্দৰৰ……
সিহে বুজিবি, মোল মোৰ যত
বোকাৰ পদুমৰ ৷৷
