O Ma - Gaan Eti Guwa Na Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: O Ma - Gaan Eti Guwa Na
Singer: Zubeen Garg
![]() |
O Ma - Gaan Eti Guwa Na Lyrics |
O Ma - Gaan Eti Guwa Na Lyrics:----
অ গান এটি... গোৱানা... অ মা....
হাত বুলাই...দিয়ানা... অ মা....
অ গান এটি গোৱানা অ মা....
হাত বুলাই...দিয়ানা অ মা....
সপোণ হেৰালে কেনিবা
বিছাৰি আনি দিয়ানা
মই শুৱ পৰা নাই অ মা....
বুকুখন বিষাইছে মা....
গান এটি গোৱানা.... অ মা...
হাত বুলাই দিয়ানা.... অ মা....
হেই কাইলৈ স্কুল বন্ধ
গোলাপ ফুলৰ গোন্ধ
আজি স্কুল ছুটি
গৰম গৰম ৰুটি
স্কুল ছুটি হল
মজা লাগি গল
মাই আছে ৰৈ
ভাত বাঢ়ি থৈ
খাম মই পেটে পুৰাই মাৰ কোলাতে সুৱাই
কোনেনো দিব মুচি মোৰ চকু পানী
কোনেনো কবহি তেজীমলাৰ কাহিনী
মোৰ ভোক লগা নাই অ মা...
তুমি আহি শুৱাই দিয়ানা...
তোমাক নোপোৱাৰ যাতনা
এবাৰ কাষলে আহানা
মই শুৱ পৰা নাই অ মা...
বুকুখন বিষাইছে অ মা...
গান এটি গোৱানা.... অ মা...
হাত বুলাই দিয়ানা... অ মা...
কেনিনো হেৰাই গল... চেনেহৰে মুখনি...
কতেনো লুকাই ৰল
সোণ বৰণীয়া হাঁহিটি
মই বিছাৰি আছো অ মা...
তোমাক জ্বলোৱা জুইকুৰা
মই দৌৰি ফুৰিছো জানা
দিবলে তোমাৰ বতৰা
মই শুব পৰা নাই অ মা...
বুকুখন বিষাইছে অ মা...
অ গান এটি...
অ মা....
COMMENTS